কৰিমগঞ্জৰ আছিমগঞ্জত উদ্ধাৰ এটি শিশুৰ মৃতদেহ - Child body recovered in Karimganj
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16144195-thumbnail-3x2-gfhjh.jpg)
নৃশংস ! অমানৱীয় ! কিমান নিষ্ঠুৰ হ’লে এজন পিতৃয়ে হত্যা কৰিব পাৰে নিজ সন্তানক ? শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে কৰিমগঞ্জ জিলাৰ আছিমগঞ্জ গাঁৱত (Mysterious murder case in Karimganj) ৷ যোৱা বৃহস্পতিবাৰে দুপৰীয়া নিখোঁজ হৈছিল ছায়েৰা বেগমৰ দুবছৰীয়া সন্তান ইমৰান হুছেইন ৷ সেইদিনা ঘৰৰ মানুহে বহু বিচাৰ খোচাৰ কৰিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল কণমানিটোৰ ৷ কিন্তু ইয়াৰ পিছদিনা অৰ্থাৎ শুকুৰবাৰে ঘৰৰ কাষৰে সামান্য পানী থকা ঠাইৰ পৰা ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰা হয় ইমৰানৰ মৃতদেহ (Child body recovered in Karimganj) ৷ ঘটনা সংক্ৰান্তত ইতিমধ্যে পাথাৰকান্দি আৰক্ষীয়ে শিশুটিৰ পিতৃ বিলাল হুছেইন আৰু খুড়ায়েকক আটক কৰিছে ৷ আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা আৰম্ভ কৰিছে পিতা বিলাল হুছেইন আৰু খুড়ায়েকক ৷ এই ঘটনাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷