মাজুলীত বেৰ কাটি ঘৰত সোমোৱা দুৰ্বৃত্তৰ আতংক - Sensational incident in Majuli

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 22, 2022, 2:55 PM IST

মাজুলীৰ গড়মূৰ থানাৰ অন্তৰ্গত গোপালপুৰ কাংকান নগৰত নিশা সংঘটিত হয় এটি চাঞ্চল্যকৰ ঘটনা (Sensational incident in Majuli)৷ যি ঘটনাই এতিয়া টোপনি কাঢ়িছে অঞ্চলটোৰ একাংশ লোকৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, অগ্নি নিৰ্বাপক বাহিনীত কৰ্মৰত এজন লোকৰ বাসগৃহত নিশা দুৰ্বৃত্ত প্ৰৱেশ কৰাৰ সন্দেহ প্ৰকাশ (Child abduction incident in Majuli) ৷ অভিযোগ মতে, ব্যক্তিজনে পত্নী আৰু ছবছৰীয়া পুত্ৰ সন্তানৰ সৈতে শুই থকা অৱস্থাত পাকঘৰৰ বেৰ কাটি কোনো দুৰ্বৃত্তই দুষ্কাৰ্য সংঘটিত কৰিবলৈ ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল । ভুক্তভোগী পৰিয়ালটোৱে তেওঁলোকৰ একমাত্ৰ পুত্ৰক দুৰ্বৃত্তই অপহৰণৰ বাবে বাসগৃহত প্ৰৱেশ কৰা বুলি জানিবলৈ দিয়ে ৷ পুলিন দলেৰ পত্নী মৌচুমী দলেয়ে টোপনিৰ পৰা সাৰ পাই নিজৰ বিচনাৰ কাষত দুৰ্বৃত্তটোৱে চোপ লৈ থকাৰ উমান পাই চিঞৰ বাখৰ কৰাত স্বামী পুলিন দলে সাৰ পাই দুৰ্বৃত্তটোক পাকঘৰলৈ সোমাই যোৱা দেখা পায় (Majuli crime news)৷ লগে লগে দুয়ো দুৰ্বৃত্তটোক কৰায়ত্ত কৰাৰ উদ্দেশ্যে পাকঘৰলৈ যায় যদিও দুৰ্বৃত্তটোৱে সেই স্থানৰ পৰা পলায়ন কৰে ৷ বৰ্তমান ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.