thumbnail

By

Published : Apr 24, 2022, 8:24 PM IST

ETV Bharat / Videos

তামুলপুৰত চোকা অস্ত্ৰৰে ঘঁপিয়াই এজনক হত্যা

শনিবাৰে তামুলপুৰ জিলাৰ দৰংগা আৰক্ষী চকীৰ অন্তৰ্গত মেনাক চাহ বাগিচাত চোকা অস্ত্ৰৰে ঘঁপিয়াই এজনক হত্যা (Murder case in Tamulpur)৷ জানিব পৰা মতে, ঘৰত কোনো নথকা অৱস্থাতে লোকজনৰ অচিনাক্ত দুৰ্বৃত্তই হত্যাৰ কৰাৰ সন্দেহ পৰিয়াল তথা স্থানীয়লোকৰ ৷ মৃত লোকজন মেনকা চাহ বাগিচাৰ পাহাৰধীপাৰ নিবাসী অজয় চাহু (35) বুলি জানিব পৰা গৈছে (Brutal murder at Tamulpur)৷ উল্লেখ্য যে, এই ঘটনাৰ পিছতে তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত লোকজনক প্ৰত্যক্ষ কৰাত পৰিয়াল তথা স্থানীয়লোকে আৰক্ষীক খবৰ দিয়াত লোকজনক তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে লোকজনক মৃত বুলি ঘোষণা কৰে ৷ সম্প্ৰতি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.