Bol Bam 2022: সোমবাৰৰ পৰা আৰম্ভ হ’ল ব’ল বম যাত্ৰা - সোমবাৰৰ পৰা আৰম্ভ হ’ল ব’ল বম যাত্ৰা
🎬 Watch Now: Feature Video

আজিৰে পৰা আৰম্ভ হ’ল ব’ল বম (Bol Bam begins today) ৷ আৰম্ভ হ’ল মহাদেৱ শিৱৰ স্তুতি ৷ পবিত্ৰ শাওন মাহৰ আজি প্ৰথমটো সোমবাৰ হেতুকে শিৱ ভক্তসকলে মহাদেৱ শিৱৰ আশীষ বিচাৰি ৰাজ্য তথা দেশৰ ভিন্ন শিৱ মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷ আনকি কিছু কিছু ভক্তই আজিয়ে গংগা পানী আনি ভগৱান শিৱৰ জল-অভিষেক কৰিবলৈ ৰাওনা হয় বাবা ধামলৈ ৷ অসবাসীৰ মংগলাৰ্থে শতাধিক ভক্তপ্ৰাণ ৰাইজক লগত লৈ শাওন মাহৰ প্ৰথমটো সোমবাৰে বাবা ধামলৈ ৰাওনা হয় ফকিৰাগ্ৰাম সমষ্টিৰ বিজেপি পাৰিষদ তথা বিটিআৰৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে (First Monday of Sawan Month Today) ৷