thumbnail

By

Published : Apr 15, 2021, 11:01 PM IST

ETV Bharat / Videos

জুৰীয়া আৰক্ষী থানাত বিহু উদযাপন

ঢোল-পেঁপাৰ মাতে ৰজন-জনাই তুলিছে সমগ্ৰ অসম ৷ সমান্তৰালকৈ ৰঙালী বিহুৰ সময়তো নিজ কৰ্তব্যৰ বাবে কোনোৱে নিজ গৃহ তথা পৰিয়াল এৰি থাকিবলগীয়া হৈছে নিজৰ দায়িত্ব তথা দেশ ৰক্ষাৰ স্বাৰ্থত ৷ ৰাজ্যৰ আৰক্ষী বিষয়াসকলে নিজ কৰ্তব্যৰ মাজতে পালন কৰিছে হেঁপাহৰ ৰঙালী বিহুটি ৷ ব্যতিক্ৰম নহয় ৰূপহীহাটৰ জুৰীয়া আৰক্ষী থানা । জুৰীয়া আৰক্ষী থানাৰ আৰক্ষী বিষয়াসকল নিজ কৰ্তব্যৰ মাজতে ঢোল, তাল, পেঁপাৰে বিহু মাৰি নাচি বাগি পালন কৰিছে ৰঙালী বিহুটি । আৰক্ষী জোৱানসকলৰ বিহুগীত তথা ঢোল-পেঁপাৰ মাতে ৰজন-জনাই তুলিছে জুৰীয়া আৰক্ষী থানা ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.