প্ৰকৃত কৃষকৰ পৰিৱৰ্তে ভুৱা কৃষকৰ হাতলৈ আঁচনিৰ ধন

By

Published : May 26, 2021, 10:29 AM IST

thumbnail
বাক্সা জিলাত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ ধন লাভৰ পৰা বঞ্চিত প্ৰকৃত কৃষক । গোৱৰ্ধনাৰ প্ৰকৃত কৃষকসকলে প্ৰথম দুটা কিস্তি লাভ কৰিছিল যদিও বৰ্তমান বঞ্চিত হৈ আছে এইসকল কৃষক । কৃষকসকলে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক জনোৱা মতে, বৰ্তমান ক’ভিড প্ৰট’কলৰ বাবে চৰকাৰে বান্ধি দিয়া নীতি-নিয়মৰ ফলত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে কৃষক ৰাইজ । চৰকাৰে সহায়ৰ হাত আগবঢ়ালে তেওঁলোকে নতুনকৈ খেতি আৰম্ভ কৰিব পাৰিব । কৃষি আঁচনিৰ নথি-পত্ৰ জমা কৰিছিল যদিও তেওঁলোকক বঞ্চিত কৰি কিছুমান ভুৱা কৃষকক টকা দিয়া পৰিলক্ষিত হৈছে । এতিয়া নতুন চৰকাৰে এই সন্দৰ্ভত সম্পূৰ্ণ তদন্ত কৰি প্ৰকৃত কৃষক সকলক টকা মুকলি কৰি দিব বুলি কৃষক ৰাইজে আশা প্ৰকাশ কৰিছে । সঠিক তদন্তৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে কৃষি মন্ত্ৰী অতুল বৰা, জিলা উপায়ুক্তলৈ আহ্বান জনাইছে বঞ্চিত কৃষকসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.