বৰপেটাত AIUDF ৰ বিশাল বাইক ৰেলী
🎬 Watch Now: Feature Video
স্বাধীনতা মাথো এটা দিৱস হৈ নাথাকি স্বাধীনতা উদযাপনৰ দিন হোৱাৰ কামনা চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনৰ ৷ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে বৰপেটাত দেওবাৰে AIUDFএ আয়োজন কৰা মটৰ চাইকেল ৰেলীত অংশ লৈ চেঙাৰ বিধায়ক আশ্ৰাফুল হুছেইনে জনালে এই কথা(AIUDF takes out massive bike rally in Barpeta) ৷ তেওঁ লগতে কয় যে স্বাধীনতা কোনেও কাকো দি নাযায়,স্বাধীনতা সদায়েই আজুৰি আনিব লাগিব ৷ সমগ্ৰ দেশব্যাপি স্বাধীনতাৰ অমৃত মহোৎসৱৰ মহা আয়োজন আৰু জনসাধাৰণৰ মুকলি অংশগ্ৰহনে সেয়া প্ৰমাণ কৰিছে বুলিও মন্তব্য বিধায়ক আশ্ৰাফুল হুছেইনৰ ৷ স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে AIUDFৰ বৰপেটা জিলা সমিতিৰ উদ্যোগত আৰু যুৱ মৰ্চা, ছাত্ৰ মৰ্চা, মহিলা মৰ্চাৰ সহযোগত উলিওৱা মটৰ চাইকেল ৰেলীত জিলাখনৰ বহুসংখ্যক AIUDF নেতা কৰ্মীয়ে অংশগ্ৰহন কৰে ৷