thumbnail

By

Published : Mar 26, 2021, 9:56 PM IST

ETV Bharat / Videos

জোনাই সমষ্টিত ভোট গ্ৰহণৰ বাবে সাজু প্ৰশাসন

শনিবাৰে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ ৷ 47 টাকৈ সমষ্টিত অনুষ্ঠিত হ'বলগীয়া এই ভোট গ্ৰহণকলৈ অতিমধ্যে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা ৷ আন আন জিলাসমূহৰ দৰে ধেমাজি জিলা প্ৰশাসনো সাজু হৈছে ভোটগ্ৰহণৰ বাবে ৷ জিলাখনৰ 114 নং ধেমাজি বিধানসভা সমষ্টিৰ 449 টা ভোট গ্ৰহণ কেন্দ্ৰলৈ ইভিএম মেচিনৰ লগতে যাৱতীয় নথি-পত্র লৈ সাজু হৈছে প’লিং, প্ৰিজাইডিং অফিচাৰ আৰু আৰক্ষী নিৰাপত্তাৰক্ষীৰ লোক সকল ৷ ধেমাজি প্ৰশাসনে ব্যৱস্থা কৰা পৰিবহন ব্যৱস্থাৰে ভােট গ্রহণ কেন্দ্রসমূহলৈ লৈ যোৱা হৈছে বিষয়াসকলক ৷ সমষ্টিটোত মুঠ 6 গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে নিৰ্বাচনত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.