thumbnail

AATSA protest: মেলেং চাহ বাগিছাত আটছাৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট

By

Published : Aug 10, 2022, 11:01 AM IST

অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ মেলেং উপ শাখা সমিতিৰ উদ্যোগত আৰু প্ৰাথমিক গোটসমূহৰ সহযোগত মেলেং চাহ বাগিছাৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত মঙলবাৰে চাহ বাগিচাখনৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়(AATSA protest at Meleng tea state) । বাগিচাৰ কৰ্মচাৰী তথা শ্ৰমিকসকলক উপযুক্ত মৌলিক অধিকাৰ, খোৱাপানীৰ ব্যৱস্থা, কৰ্মক্ষেত্ৰত উচিত নিৰাপত্তা, উন্নত স্বাস্থ্যসেৱা আদি সুনিশ্চিত কৰাৰ দাবীত উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ পৰা মালিকপক্ষক এক স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷ প্ৰতিবাদকাৰীসকলে অনতিপলমে তেওঁলোকৰ এইসমূহ সমস্যা সমাধান নকৰিলে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে । উক্ত কাৰ্যসূচীত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অশ্বিনী তাছা, আটছা যোৰহাট শাখাৰ সভাপতি কিৰণ তাঁতী, সম্পাদক সিদ্ধাৰ্থ তাঁতীকে প্ৰমুখ্য কৰি জিলা তথা কেন্দ্ৰীয় সমিতিৰ ভালেসংখ্যক বিষয়ববীয়া উপস্থিত থাকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.