কাছাৰৰ শ্ৰীকোনা টিভি টাৱাৰ ৰোডত বিধ্বংসী অগ্নিকাণ্ড - বৈদ্যুতিক চৰ্ট শ্বাৰ্কিটৰ বাবেই অগ্নিকাণ্ড
🎬 Watch Now: Feature Video
মঙলবাৰে পুৱতি নিশা কাছাৰ জিলাৰ শ্ৰীকোনা টিভি টাৱাৰ ৰোডত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা ৷ অঞ্চলটোৰ অম্বিকা সিনহা নামৰ বিধৱা মহিলাগৰাকীৰ বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা ৷ জুইত সম্পূৰ্ণৰূপে ভস্মীভূত হৈছে মহিলাগৰাকীৰ বাসগৃহটো ৷ ঘটনাৰ খবৰ পোৱাৰ পাছতে ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ৷ জুইত জাহ যায় প্ৰায় 50 লাখ টকাৰ সা-সম্পত্তিৰ লগতে বিভিন্ন প্ৰয়োজনীয় নথি পত্ৰ ৷ বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ৷ লগতে অসহায় মহিলাগৰাকীক সহায় কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে স্থানীয় লোকে ৷