পুনেৰ পৰা বিমানযোগে অসমলৈ প্ৰেৰণ 64টা বিলুপ্তপ্ৰায় কাছ - বিমানযোগে অসমলৈ প্ৰেৰণ 64টা বিলুপ্তপ্ৰায় কাছ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12757298-thumbnail-3x2-k.jpg)
পুনে বন বিভাগ(Pune Forest Department)ৰ এক অভিনৱ প্ৰচেষ্টা । চোৰাংভাৱে ৰখা 64 টা প্ৰজাতিৰ অসমৰ কাছ উদ্ধাৰ কৰি পুনেৰ পৰা অসমলৈ বিমানযোগে প্ৰেৰণ কৰিছে পুনে বন বিভাগে । বিৰল প্ৰজাতিৰ কাছসমূহ ঘৰুৱা উদ্দেশ্যৰ বাবে অসমৰ পৰা পুনেলৈ অবৈধভাৱে সৰবৰাহ কৰিছিল চোৰাং ব্যৱসায়ীয়ে ৷ ঘটনা সন্দৰ্ভত উমান পাই কিছুদিন পূৰ্বে বন বিভাগে উদ্ধাৰ কৰে কাছসমূহ । এই বিৰল প্ৰজাতিৰ কাছসমূহৰ ভিতৰত আছে- ইণ্ডিয়ান ৰুফ টাৰ্টল(Indian Roof Turtle), ক্ৰাউন ৰিভাৰ টাৰ্টল(Crown River Turtle), ব্ৰাউন ৰুফ টাৰ্টল(Brown Roof Turtle) আৰু স্পটেড ৰিভাৰ টাৰ্টল(Spotted River Turtle) । ইয়াৰে কিছুমান কাছৰ প্ৰজাতি বন্যপ্ৰাণী সংৰক্ষণ আইন 1972ৰ অধীনত 1 নং অনুসূচীত অন্তৰ্ভুক্ত কৰা হৈছে ।