পুত্ৰ-কন্যাক বিহ পান কৰোৱাই চিপ ল’লে মাতৃয়ে - বিষ পান
🎬 Watch Now: Feature Video

কৰিমগঞ্জৰ গাংপাৰ ধলছৰা গাঁৱত চাঞ্চল্যকৰ ঘটনা । দুই সন্তানক বিহ পান কৰাই আত্মঘাতী হৈছে এগৰাকী মাতৃ । মাতৃ আৰু পুত্ৰ কন্যা সহ মৃত্যু হৈছে তিনজন লোকৰ । পুত্ৰ-কন্যাক প্ৰথমে বিহ পান কৰাইছিল মহিলাগৰাকীয়ে ৷ ইয়াৰ পিছতে তেওঁ চিপ লৈ আত্মঘাতী হয় । শুকুৰবাৰে পুৱাৰ ভাগত পোহৰলৈ আহে এই সমগ্ৰ ঘটনা । কি কাৰণে এগৰাকী মাতৃয়ে এই ঘটনা সংঘটিত কৰিলে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।