ড্ৰাগছ সহ এগৰাকী মহিলাক আটক তিনিচুকীয়া আৰক্ষীৰ - তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13439238-thumbnail-3x2-hshhsh.jpg)
নিউ তিনিচুকীয়া ৰে’লৱে ষ্টেচনত এক অভিযান চলাই আৰক্ষীয়ে আটক কৰে ড্ৰাগছ সহ এগৰাকী মহিলাক ৷ তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক দেৱজিৎ দেউৰীৰ নিৰ্দেশত তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ হিতেশ হালৈ আৰু হিজুগুৰি আৰক্ষী চকীৰ নিপেন বৰপাত্ৰৰ নেতৃত্বত চলোৱা হৈছিল এই অভিযান ৷ অভিযানত ১০ টা চাবুনৰ পেকেটত ১১০ গ্ৰাম ড্ৰাগছ জব্দ কৰে আৰক্ষীৰে ৷ আটকাধীন মহিলা গৰাকী অৰুণাচল প্ৰদেশৰ নামচাই জিলাৰ ৷