Wild horse in Dibrugarh : লুইতৰ চাপৰিত বিচৰণ বিশ্বত বগা ঘোঁৰাৰ

By

Published : Nov 26, 2021, 7:53 PM IST

Updated : Nov 26, 2021, 8:03 PM IST

thumbnail

ডিব্ৰুগড় চহৰৰ কাষেৰে বৈ যোৱা মহাবাহু ব্ৰহ্মপুত্ৰৰ চাপৰিৰ মাজত আপোন মনে বিচৰণ কৰিছে এজাক বনৰীয়া ঘোঁৰা (Wild Horse roams near Brahmaputra)ই । এই বনৰীয়া ঘোঁৰাৰ জাকটোত আছে অতি দুৰ্লভ বগা ঘোঁৰা (Very rare white horse) ও ৷ ৰাজ্যৰ ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান (Dibru Saikhowa National Park)ৰ পাচতে ডিব্ৰুগড়ৰ মহাবাহু ব্ৰহ্মপুত্ৰ চাপৰিত পোন প্ৰথমবাৰৰ বাবে দেখা গৈছে বনৰীয়া ঘোঁৰা বিচৰণৰ এক নান্দনিক দৃশ্য । লোক বিশ্বাস অনুসৰি, এসময়ত ব্ৰিটিছ চৰকাৰে এৰি গৈছিল এই ঘোঁৰা । তেতিয়াৰে পৰাই ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বিচৰণ কৰি আহিছে এই ঘোঁৰাৰ জাকে (Wild horses in Dibru Saikhowa National Park)। জানিব পৰা মতে, ডিব্ৰুগড় চহৰৰ মাইজান চাপৰিত যোৱা দুটা বৰ্ষৰ পৰা বিচৰণ কৰি আছে এই ঘোঁৰাৰ জাকটোৱে । মানুহৰ চকুত খুব কমেই দেখা দিয়ে ঘোঁৰা জাকটোৱে । আনহাতে এক বিশাল হাজাৰ হেক্টৰ চাপৰি ভূমি সংলগ্ন হৈ আছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগত । বিগত দুটা বৰ্ষৰ পূৰ্বে ভয়াৱহ বানৰ কবলত পৰি এই স্থানলৈ আহিছিল ঘোঁৰা জাকটো ৷ অতি দুৰ্লভ বগা ঘোঁৰা দেখা গৈছে মহাবাহু ব্ৰহ্মপুত্ৰ চাপৰিত বিচৰণ কৰি থকা ঘোঁৰাৰ জাকটোৰ মাজত ।

Last Updated : Nov 26, 2021, 8:03 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.