লখিমপুৰৰ কাকতি টুপত দুৰ্বৃত্তই চলাইছে বন্য পক্ষীৰ নিধন যজ্ঞ - Wild birds are killing in Kakatitup
🎬 Watch Now: Feature Video
যি সময়ত বনজ সম্পদৰ পৰা আৰম্ভ কৰি বন্য প্ৰাণী তথা বন্য পক্ষী ৰক্ষাৰ বাবে চৰকাৰ তথা বিভিন্ন বেচৰকাৰী সংস্থাই বিভিন্ন পদক্ষেপ হাতত লৈছে সেই সময়তে একাংশ লোকে অব্যাহত ৰাখিছে বনৰীয়া জীৱকুলৰ লগতে বনৰীয়া পক্ষীৰ নিধন কাৰ্য ৷ শেহতীয়াকৈ লখিমপুৰ জিলাৰ আজাদ এলেকাৰ ভীমপৰা মথাউৰিৰ কাষতে থকা কাকতি টুপৰ সন্মুখৰ বিশাল পথাৰ খনত বন্যপক্ষীৰ নিধন যজ্ঞ চলাইছে একাংশ দুষ্ট লোকে ৷ এই সকল দুষ্ট প্ৰকৃতিৰ লোকে ফুৰাটন জাতীয় বিষাক্ত দ্ৰব্য দি নিধন কৰিছে শ শ বগলী ৷ উল্লেখ্য যে, এই পথাৰ খন বছৰৰ 12 মাহেই ৰাজহাঁহ, বৰটোকোলা, কাম চৰাই, বগলী, শামুকভঙা, আদি চৰাইৰ কাকলিৰে মুখৰিত হৈ থাকে ৷ পক্ষীৰ জলকেলি চাই, কাকলিত বিমুগ্ধ হৈ আপোন বিভোৰ হয় সমীপৰ ৰাইজ ৷ পিছে এই বন্য বিহংগৰ প্ৰতি লালায়িত হৈ এচাম দুৰ্বৃত্তই পথাৰ খনত বিষাক্ত দ্ৰব্য দি হত্যা কৰিছে পক্ষীকুলক ৷ বিগত কিছু দিনৰ পৰা পথাৰখনত চলি আছে পক্ষীৰ হত্যা ৷ মঙলবাৰেও দুৰ্বৃত্তই এনেদৰে বিষাক্ত দ্ৰব্য দি ভালেখিনি বগলী হত্যা কৰে ৷ একাংশ গঞাই অৰ্ধমৃত অৱস্থাত কেইবাটাও বগলী উদ্ধাৰ কৰে ৷ বন্য বিহংগৰ এনে কৰুণ মৃত্যুত ব্যৰ্থিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বন্য বিহংগৰ বধ্যভূমিত পৰিণত হোৱা এই পথাৰ খনত প্ৰশাসন, বন বিভাগ, আৰক্ষী আদিয়ে চোকা দৃষ্টি ৰাখি পক্ষী কুলক ৰক্ষা কৰাৰ লগতে দুৰ্বৃত্তক কঠোৰ শাস্তি দিবলৈ ৰাইজে কাতৰ আহ্বান জনাইছে ৷
TAGGED:
আজাদ এলেকাৰ ভীমপৰা মথাউৰি