মহানগৰীত কিয় প্ৰতিবাদত বহিল ইস্কনৰ কৰ্মকৰ্তা ! - কীৰ্তন প্ৰতিবাদ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13436527-thumbnail-3x2-news.jpg)
বাংলাদেশত হিন্দুক সুৰক্ষা দিয়াৰ দাবীৰে শনিবাৰে মহানগৰীৰ দীঘলীপুখুৰীৰ পাৰত ইস্কন কৰ্মকৰ্তাই কীৰ্তন পাঠেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইস্কনৰ কৰ্মকৰ্তা সকলে বাংলাদেশৰ হিন্দু সকলক ৰক্ষা কৰক, বাংলাদেশত থকা আমাৰ মন্দিৰ সমূহক ৰক্ষা কৰক, হিন্দু সকলৰ বিৰুদ্ধে হিংসা বন্ধ কৰক আদি শ্ল’গানেৰে হাতে হাতে প্লেকাৰ্ড লৈ নাম কীৰ্তন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত ইস্কন গুৱাহাটীৰ সভাপতি জীবা দাসে(Jeeva Das)ও অংশগ্ৰহণ কৰে ৷ তেওঁ বাংলাদেশৰ সংখ্যালঘু সম্প্ৰদায়ৰ ৰক্ষণাবেক্ষণৰ দাবীত আজি বিশ্বব্যাপী কীৰ্তন প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা জানিবলৈ দিয়ে । উল্লেখ্য যে, ভাৰতবৰ্ষৰ বিভিন্ন স্থানৰ লগতে আমেৰিকা, আফ্ৰিকা, ৰাছিয়া, চীন, জাপান, ইটালী, নিউজিলেণ্ড, অষ্ট্ৰেলিয়াৰ লগতে বিশ্বৰ সৰ্বমুঠ ১৫০ খন দেশে আজি কীৰ্তনেৰে প্ৰতিবাদ সাব্যস্ত কৰে ।