thumbnail

By

Published : Jul 4, 2021, 9:50 PM IST

ETV Bharat / Videos

এইবাৰ লালীগুড়ৰ অবৈধ বেহাৰ বিৰুদ্ধে তৎপৰ গাঁওৰক্ষী বাহিনী

আমগুৰিৰ নতুন লুনপুৰীয়াত গাঁওৰক্ষী বাহিনীয়ে(VDP)জব্দ কৰে এখন লালীগুড় ভৰ্তি বাহন ৷ জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে AS 04 BC - 5579 বুলি জানিব পৰা গৈছে । বাহনত থকা ২০ টা লালীগুৰৰ টিঙৰ লগতে আৱদ্ধ কৰে দুজনকৈ লোকক । আটক হোৱা ব্যক্তি দুজন ক্ৰমে পৰাগ শেনচোৱা আৰু হেমন্ত শেনচোৱা বুলি জানিব পৰা গৈছে ৷ স্থানীয় ৰাইজে হালোৱাটিং থানাত খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লালীগুড়ৰ সহিতে বাহনখন জব্দ কৰাৰ লগতে চালক হেণ্ডিমেনকো আটক কৰে ৷ উল্লেখ্য যে, দীৰ্ঘদিন ধৰি আমগুৰিৰ বিভিন্ন প্ৰান্তৰ অবৈধএক ৰমৰমীয়া ব্যৱসায় চলি আহিছে ৷ এনে সময়তে, গাঁওৰক্ষী বাহিনী লোৱা তৎপৰতাৰ এতিয়া শলাগ লৈছে ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.