লাড়ু, পিঠাৰে ভৰি পৰিছে জাঁজীৰ বজাৰ - আমগুৰিৰ স্থানীয় মহিলাৰ ব্যতিক্ৰমী বজাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 12, 2022, 12:08 PM IST

বিহুৰ প্ৰাকক্ষণত আমগুৰিত দেখা গৈছে স্থানীয় মহিলাৰ দ্বাৰা পৰিচালিত এখন বজাৰ (Womens market in Jhanji Sivsagar) ৷ এইখন বজাৰত সম্প্ৰতি উপলব্ধ হৈছে থলুৱাভাৱে উৎপাদিত ভোগালীৰ ভোগৰ সামগ্ৰীৰ লগতে প্ৰয়োজনীয় আন বহু সামগ্ৰী ৷ চিৰা, পিঠা, লাৰু, চুঙা চাউল, বৰা চাউল, সান্দহ, হুৰুমকে আদি কৰি থলুৱাভাৱে উৎপাদিত সকলোবোৰ সামগ্ৰীয়েই উপলব্ধ এই বজাৰখনত (Various types of food is available in womens market) ৷ জাঁজী-জামুগুৰি অঞ্চলৰ ২২ খনকৈ গাঁৱৰ মহিলা সমাজৰ দ্বাৰা সংগঠিত অলংকৃতা আঞ্চলিক মহিলা সমিতিয়ে যোৱা তিনিটা বছৰ ধৰি একেৰাহে ভোগালীৰ বিশেষ বজাৰখন বাহাল ৰখাৰ প্ৰয়াস কৰি আহিছে । বজাৰখনত থলুৱাভাৱে উৎপাদিত বিভিন্ন শাক-পাচলি, মহিলাসকলে ঘৰতে তৈয়াৰ কৰা আচাৰ, পানীটেঙা, খাৰলি আদিৰ লগতে গামোচা, চাদৰ, মেখেলা আদি উপলব্ধ হৈছে । অঞ্চলটোৰ মহিলাসকল আৰ্থিকভাৱে স্বাৱলম্বী আৰু সবল হোৱাৰ অৰ্থে গ্ৰহণ কৰা এই পদক্ষেপে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.