লামডিঙৰ উচ্ছেদ অভিযানৰ মাজতে উত্তেজনা
🎬 Watch Now: Feature Video
সোমবাৰৰ পৰা লামডিং বনাঞ্চলত (Lumding forest) অব্যাহত আছে প্ৰশাসনৰ উচ্ছেদ অভিযান । মঙলবাৰে অৰ্থাৎ দ্বিতীয়া দিনাও পুৱাই প্ৰশাসনে আৰম্ভ কৰিছে উচ্ছেদ । শান্তিপূৰ্ণভাৱেই প্ৰথম দিনা সমাপ্ত হৈছিল উচ্ছেদ অভিযান । প্ৰশাসনৰ নিৰ্দেশনা লাভ কৰাৰ পাছতে বেদখলকাৰীয়ে সেই স্থান ত্যাগ কৰিছে আৰু সমীপৰে এটা অঞ্চলত ত্ৰিপালেৰে শিবিৰ পাতি আছে । ইয়াৰ মাজতে উচ্ছেদস্থলীত হঠাৎ হুলস্থূলীয়া পৰিৱেশে বিৰাজ কৰে । ৰহমত আলী নামৰ অঞ্চলটোৰ এগৰাকী প্ৰকৃতিপ্ৰেমীক আক্ৰমণ কৰে উচ্ছেদিত একাংশ লোকে । অভিযোগ অনুসৰি উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ নামত ধন সংগ্ৰহ কৰিছিল ৰহমত আলীয়ে । এই অভিযোগতে উচ্ছেদিত ৰাইজে জৱাবদিহি কৰাৰ লগতে আক্ৰমণ কৰে ৰহমত আলীক । জানিব পৰা মতে বনাঞ্চলৰ লোকসকলক উচ্ছেদ কৰিবলৈ দীৰ্ঘদিনৰ পৰা সংগ্ৰাম চলাই আহিছিল ৰহমত আলীয়ে ।
Last Updated : Nov 10, 2021, 9:38 AM IST