দৰঙত ট্ৰেক্টৰ কেলেংকাৰীত সাঙুৰ খাইছে দুই বিজেপি নেতাৰ নাম - Two BJP leaders named in tractor scam in Darang

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 11, 2021, 8:06 PM IST

দৰঙত মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা আঁচনিৰ ট্ৰেক্টৰৰ নামত কেলেংকাৰী ৷ দুই বিজেপি নেতাই এই কেলেংকাৰী সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে একাংশ সতীৰ্থই ৷ ঘটনা সন্দৰ্ভত দুই বিজেপি নেতাৰ বিৰুদ্ধে ছিপাঝাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে অভিযোগকাৰীয়ে ৷ কৃষক গোটৰ সভাপতি, সম্পাদকৰ চহী জাল কৰি আবন্টিত ট্ৰেক্টৰ উলিয়াই বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উঠিছে দুই বিজেপি নেতাৰ বিৰুদ্ধে ৷ দৰঙৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনৰ লোক্ৰাই গাওঁ পঞ্চায়তৰ বিজেপিৰ ৱাৰ্ড মেম্বাৰ জয়ন্ত কুমাৰ নাথ আৰু বুথ সভাপতি অৰূপ কুমাৰ নাথৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ এই দুই বিজেপি চৰকাৰী নেতাই নীতি-নিয়মক ভৰিৰে মোহাৰি কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীক গোপনে মেনেজ কৰি আঁচনিৰ আবন্টিত ট্ৰেক্টৰ বিক্ৰী কৰাৰ অভিযোগ তুলিছে সলপাম বহ্নিমান কৃষক গোটে ৷ লগতে এই দুই বিজেপি নেতাৰ বিৰুদ্ধে ছিপাঝাৰ আৰক্ষী থানাত ৬৭৮/২১ ,৪৬৮ IPC ত এক গোচৰ ৰুজু কৰিছে ৷ অভিযোগ মতে, দুই বিজেপি নেতাই কৃষক গোটটোৰ সভাপতি আৰু আন তিনিগৰাকী সদস্যৰ চহী জাল কৰি উক্ত আঁচনিৰ অধীনত দৰং কৃষি বিভাগৰ পৰা এখন ট্ৰেক্টৰ উলিয়াই গোপনে বিক্ৰী কৰিছে ৷ বিজেপি নেতাৰ এই ট্ৰেক্টৰ কেলেংকাৰীৰ অভিযোগ পোহৰলৈ অহাৰ পিছত দৰঙত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.