চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ট্ৰেভেলাৰ চালকে - not opening inter district transport

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 19, 2021, 1:15 PM IST

ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে ৰাজ্যত বন্ধ ৰখা হৈছে আন্তঃজিলা যাতায়াত ৷ সম্পূৰ্ণ লক ডাউনৰ পৰা বিৰত থাকি চৰকাৰ তথা প্ৰশাসনে বাচি লৈছে বিভিন্ন বিকল্প ব্যৱস্থা ৷ কিন্তু তেনে সময়তে বৃহস্পতিবাৰে আন্তঃজিলা যাতায়াত খোলাৰ নিৰ্দেশ নিদিয়াৰ বাবে চৰকাৰৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰে দেৰগাঁৱৰ একাংশ ট্ৰেভেলাৰ চালক ৷ গোবিন্দ দাস নামৰ চালকজনে চৰকাৰৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰি দেৰগাঁও চাৰিআলিত গাড়ী ৰখাই বন্ধ কৰি দিয়ে 37 নং ৰাষ্ট্ৰীয় ঘাইপথ৷ ইয়াৰ পিচতে সৃষ্টি হয় তীব্ৰ উত্তেজনা ৷ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ বাহনখন জব্দ কৰি গোবিন্দক থানালৈ অহাৰ পিছতো ক্ষান্ত নহ’ল চালকগৰাকী ৷ সম্প্ৰতি দেৰগাঁও থানাৰ লক আপত ৰখা হৈছে চালকগৰাকীক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.