thumbnail

By

Published : Oct 24, 2019, 10:57 PM IST

ETV Bharat / Videos

শিলাদিত্যৰ পৰা অসমীয়াৰ প্ৰমাণ পত্ৰ নালাগেঃ ড৹ হাফিজ ৰফিকুল ইছলাম

বৰপেটা,24 অক্টোবৰঃ বৃহস্পতিবাৰে ঘোষিত 4 টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফলত জনীয়া সমষ্টিৰ পৰা জয়যুক্ত হোৱা ড৹ হাফিজ ৰফিকুল ইছলামে ফলাফল ঘোষণাৰ পাছতেই সংবাদ মাধ্যমক সম্বোধন কৰে ৷ সংবাদ মাধ্যমে ড৹ হিমন্ত বিশ্বই শৰ্মাই এ আই ইউ ডি এফৰ প্ৰাৰ্থী জিকিলে ভেঞ্চাৰ বিধায়ক হ'ব বুলি কৰা বিতৰ্কিত মন্তব্যৰ ওপৰত নৱ-নিৰ্বাচিত বিধায়কগৰাকীৰ প্ৰতিক্ৰিয়া সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰে ৷ উত্তৰত ড৹ হাফিজ ৰফিকুল ইছলামে কয় যে ৰাজ্যৰ এগৰাকী দায়িত্বশীল বিত্ত মন্ত্ৰীৰ মুখেৰে এনে ধৰণৰ মন্তব্য শুভা নাপায় । তেওঁ লগতে কয়,"হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,সমগ্ৰ অসমৰ 126 টা সমষ্টিৰ বিত্ত মন্ত্ৰী ৷ গতিকে এই সমষ্টিসমূহৰ নিৰ্বাচিত বিধায়কসকলৰ বিৰুদ্ধে এনেধৰণৰ মন্তব্য অশোভনীয় ৷" আনহাতে শিলাদিত্য দেৱে জনীয়াবাসী ৰাইজৰ বাংলাদেশীয় মূলৰ হোৱা হেতুকে এ আই ইউ ডি এফক ভোট দিছে বুলি কৰা বিৰ্তকিত মন্তব্য সন্দৰ্ভত বিধায়কগৰাকীয়ে জনীয়াত এজনো বিদেশী কিম্বা বাংলাদেশী নাগৰিক নাই বুলি দাবী কৰে ৷ লগতে তেওঁ শিলাদিত্য দেৱৰ পৰা জনীয়াবাসীক অসমীয়াৰ প্ৰমাণ পত্ৰ নালাগে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ আনহাতে ১৯৭১ চনৰ পাছত অসমলৈ অহা শিলাদিত্যক নিজেই এজন বাংলাদেশী মানুহ বুলি অভিহিত কৰে বিধায়কগৰাকীয়ে ৷ ইফালে ৰাজ্য আৰু কেন্দ্ৰ চৰকাৰৰ সাম্প্ৰদায়িক কৰ্ম-কাণ্ডক সমালোচনা কৰি এ আই ইউ ডি এফ নেতাগৰাকীয়ে দেশত আৰু বেছিদিনলৈ বিজেপিয়ে গৰু-গাহৰি, হিন্দু মুছলমান, মন্দিৰ-মছজিদৰ ৰাজনীতি চলাই যাব নোৱাৰিব বুলি মত ব্যক্ত কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.