দুৰ্যোধনৰ মাতৃৰ ডিঙিৰ পৰা চেইন কাঢ়ি নিলে চিলনী চোৰে - terror of chain snatchers
🎬 Watch Now: Feature Video
হোজাই জিলাৰ লংকাৰ ভালুকমাৰীৰ ৰাণীপুখুৰীত চিলনী চোৰ(chain snatchers)ৰ তাণ্ডৱ । ৰাণীপুখুৰীত ঔষধ জাতীয় সামগ্ৰী বিক্ৰী কৰিবলৈ গৈ ঘৰৰ ভিতৰত শুই থকা এগৰাকী বৃদ্ধা মহিলাৰ ডিঙিৰ চেইন লৈ গ'ল দুৰ্বৃত্তই । ভালুকমাৰীৰ ৰাণীপুখুৰী দুৰ্যোধন দাস নামৰ ব্যক্তি জনৰ ঘৰত এই ঘটনা সংঘটিত হয় । জানিব পৰা মতে, দুৰ্যোধনৰ মাতৃ শচীৰাণী দাস নামৰ বৃদ্ধা মহিলা গৰাকী ঘৰৰ ভিতৰত শুই থকা অৱস্থাতে এইদৰে চিলনী চোৰে ডিঙিৰ পৰা চেইন চিঙি লৈ যোৱাৰ ঘটনা ঘটে । ইতিমধ্যে, লংকা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।