চৰকাৰী নিৰ্দশনা পালন কৰি যোৰহাটত বন্ধ আন্তঃজিলা যাতায়ত
🎬 Watch Now: Feature Video
ক’ভিড সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে নিতৌ ন ন নিৰ্দেশনা জাৰি কৰিছে । শুকুৰবাৰৰে পৰা কাৰ্যকৰী হোৱাকৈ আন্তঃজিলা যাতায়ত বন্ধ কৰা নিৰ্দেশনা চৰকাৰৰ । ইয়াকে লৈ এতিয়া তৎপৰ হৈ পৰিছে প্ৰশাসন । শুকুৰবাৰে পুৱাৰে পৰা যোৰহাট জিলা প্ৰশাসনৰ তৎপৰতাত টীয়ক আৰক্ষীয়ে প্ৰতিখন যান বাহন নিৰীক্ষণত ব্যস্ত হৈ পৰিছে । কেৱল মাত্ৰ জৰুৰীকালীন সেৱা আৰু অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িওৱা বাহনৰ বাদে সকলো যান-বাহন তন্ন-তন্নকৈ পৰীক্ষা কৰিহে যাতায়তৰ অনুমতি প্ৰদান কৰিছে টীয়ক আৰক্ষীয়ে । প্ৰশাসনৰ এই পদক্ষেপক এতিয়া সকলোৱে সহযোগিতা আগবঢ়াইছে ।