বাইহাটা চাৰিআলিত শিক্ষাৰ্থীৰ উত্তাল প্ৰতিবাদ - কামৰূপ জিলাৰ বাইহাটা চাৰিআলি
🎬 Watch Now: Feature Video
হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ্থীৰ প্ৰতিবাদত উত্তাল হৈ পৰিল কামৰূপ জিলাৰ বাইহাটা চাৰিআলি । চিবিএছই আৰু ছেবাৰ শিক্ষা সংসদৰ বৈষম্যতাৰ অভিযোগ উত্থাপিত কৰি শিক্ষাৰ্থীসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ । বৃহত্তৰ অঞ্চলটিৰ পূৱ কামৰূপ মহাবিদ্যালয়, চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয়, গেটৱে, জেনিথ, এমেটি, পায়’নিয়াৰ, প্ৰজ্ঞা একাডেমীৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে-হাতে প্লেকাৰ্ড লৈ সাব্যস্ত কৰে প্ৰতিবাদ । ৰাজ্য চৰকাৰে ক'ভিড প্ৰট’কল মানি পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে প্ৰস্তুতি চলোৱা নিৰ্দেশনাক পোনচাটেই নাকচ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে । কিয়নো ক'ভিডৰ ভয়াৱহ পৰিস্থিতিৰ বাবে চিবিএছইয়ে সকলো পৰীক্ষা ইতিমধ্যে বাতিল কৰিছে । প্ৰতিবাদকাৰীসকলৰ দাবী যে, তেওঁলোকৰো পৰীক্ষাসমূহ পিছুৱাই দিয়ক নাইবা অনলাইন পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰক ।