thumbnail

কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰিত শ্ৰীকৃষ্ণৰ ৰাসলীলা

By

Published : Dec 14, 2020, 5:20 PM IST

ভক্তিৰসেৰে মুখৰিত কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰি ৷ কৰ'ণা ত্ৰাসৰ মাজতে চৰকাৰী ক’ভিড প্ৰট’কল মানি দেওবাৰে নিশা কলিয়াবৰৰ মাধতাৰী গাঁৱৰ কলঙৰ বাকৰিত উদযাপিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷ শ্ৰীকৃষ্ণৰ মোহন বাঁহীৰ সুৰে যেন দ্বিতীয় বৃন্দাবনলৈ পৰিণত কৰিলে মাধতাৰী গাঁৱৰ কলঙৰ বাকৰি ৷ ৰাসলীলা উপভোগ ভক্তিৰসত বিলীত হ'ল ৰাসস্থলীত উপস্থিত থকা ডেকা-বুঢ়া সহতি সকলো ৰাইজ ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত "কেলিগোপাল' নাটৰ আধাৰত ৰূপায়ণ কৰা হয় শ্ৰীকৃষ্ণৰ ৰাসযাত্ৰা ৷ পূৰ্বৰ তুলনাত এইবাৰ কলিয়াবৰত ৰাসলীলা উদযাপনৰ সংখ্যা সীমিত যদিও ৰাইজৰ উৎসাহ-উদ্দীপনাৰ মাজৰে দেওবাৰে অতি সুন্দৰ ভাৱে অনুষ্ঠিত হয় শ্ৰীকৃষ্ণৰ ৰাসলীলা ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.