কাতি বিহু উপলক্ষে মৃৎ শিল্পীৰ দোকানত বাঢ়িছে গ্ৰাহকৰ ভিৰ - মাটি চাকি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13379158-thumbnail-3x2-fyyj.jpg)
সোমবাৰে কাতি বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মৰাণতো কাতি বিহু পালনৰ বাবে ব্যাপক উচ্ছাস দেখিবলৈ পোৱা গৈছে কৃষিজীৱি ৰাইজৰ মাজত। কাতি বিহুৰ সন্ধিয়া তুলসী তলত বন্তি জ্বলাই নাম-প্ৰসঙ্গ কৰাৰ লগতে হেঁপাহৰ পথাৰখনিত চাকি-বন্তি জ্বলাই কৃষি শস্যৰ উৎপাদন ভাল হোৱাৰ কামনা কৰে কৃষিজীৱি ৰাইজে। বাপতি সহোন কাতি বিহুত কৃষিজীৱি ৰাইজক মাটিৰ চাকি যোগান ধৰিবলৈ ব্যস্ত হৈছে মৰাণৰ মৃৎ শিল্পী সকল। পুৱাৰে পৰা মৰাণৰ মৃৎ শিল্পীৰ দোকানত গ্ৰাহকে ভিৰ কৰা পৰিলক্ষিত হয়। অৱশ্যে বিগত বৰ্ষ সমূহৰ তুলনাত এইবেলি মৰাণত মাটিৰ চাকিৰ বিক্ৰী ভাল হোৱা বুলিও জানিবলৈ দিয়ে মৰাণৰ মৃৎ শিল্পীৰ লগতে ব্যৱসায়ী সকলে ।