তিনিচুকীয়াত সঞ্জয় কিষানৰ বাইক ৰেলী - sanjay kishan bike rally
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11133476-thumbnail-3x2-bbb.jpg)
নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তিনিচুকীয়াত দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিক দলৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ । তাৰ সমান্তৰালভাৱে জিলাখনত বিজেপিৰ প্ৰচাৰো তুংগত উঠিছে । সমষ্টিটোত সপ্তাহটোৰ ভিতৰতে এজনৰ পাছত এজন ৰথী মহাৰথীৰ আগমন দেখিবলৈ পোৱা গৈছে ৷ মঙলবাৰে তিনিচুকীয়াৰ চলিহা নগৰ খেল পথাৰৰ পৰা তিনিচুকীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী সঞ্জয় কিষানে বাইক ৰেলী কৰি প্ৰচাৰ অভিযান চলায় । ভাৰতীয় জনতা পাৰ্টীৰ তিনিচুকীয়া সমষ্টিৰ কৰ্মকৰ্তা সকলৰ লগত নিজে বাইক চলাই নিৰ্বাচনী প্ৰচাৰত নামি পৰে । প্ৰায় দুই শতাধিক বিজেপি কৰ্মকৰ্তাই বাইক ৰেলীখনত অংশগ্ৰহণ কৰি তিনিচুকীয়া চহৰত প্ৰচাৰ অভিযান চলায় ৷