ওদালগুৰিৰ বিভিন্ন স্থানত চেনিটাইজাৰ সঞ্জীত তাঁন্তীৰ - ওদালগুৰি জিলা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11802441-thumbnail-3x2-u.jpg)
সমগ্ৰ দেশৰ লগতে ৰাজ্যতো দিনক-দিনে বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা ৷ ওদালগুৰি জিলাতো ভয়ংকৰ হৈ পৰিছে ক’ভিড পৰিস্থিতি ৷ এই কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে মঙলবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত চেনিটাইজাৰ কৰিছে বিটিআৰৰ কাৰ্যবাহী সদস্য সঞ্জীত তাঁন্তীয়ে ৷ বিটিআৰৰ ননৈ চেৰফাং সমষ্টিৰ ঘাগ্ৰা হাতীগড়, বেলতলা, টেলিয়াপাৰা আদি ঠাইসমূহৰ বজাৰকে আদি কৰি বিভিন্ন ৰাজহুৱা স্থানত চেনিটাইজিং কৰে কাৰ্যবাহী সদস্য সঞ্জিত তাঁন্তীয়ে ৷ কাৰ্যবাহী সদস্য গৰাকীৰ এই কাৰ্যত সকলো ৰাইজে শলাগ লৈছে ৷ ইফালে অনাগত দিনতো এই চেনিটাইজ কাৰ্যসূচী অব্যাহত ৰাখিব বুলি মন্তব্য কৰে বিটিআৰৰ কাৰ্যবাহী সদস্য গৰাকীয়ে ৷