Arms smuggler arrested at Samaguri : পিষ্টলৰ গুলীসহ আটক এজন - পিষ্টলৰ গুলিসহ আটক এজন
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-14102984-thumbnail-3x2-sam.jpg)
চামগুৰি আৰক্ষীৰ আন এক সফলতা ৷ বুধবাৰে চামগুৰি আৰক্ষীৰ জালত পৰিছে .22 পিষ্টলসহ আটক এজন (Arms smuggler apprehended at Samaguri) ৷ চামগুৰি আৰক্ষীয়ে সদৰি কৰা অনুসৰি, আটকাধীন ব্যক্তিজনৰ নাম দিলোৱাৰ হুছেইন ৷ অভিযুক্ত দিলোৱাৰ হুছেইনৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে ছয় জাঁই সজীৱ গুলি ৷ জানিব পৰা মতে, অভিযুক্ত দিলোৱাৰ হুছেইনে অজ্ঞাত স্থানত যোগান ধৰিবলৈ আহিছিল গুলি কেইটা । আৰক্ষীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত ৷ আৰক্ষীৰ সন্দেহ, তদন্তৰ অন্তত আন কেইবাটাও সৰবৰাহকাৰী জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।