ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটা

By

Published : Mar 12, 2021, 8:47 PM IST

thumbnail
ৰাজ্যজুৰি অব্যাহত থকা নিৰ্বাচনী ব্যস্ততাৰ মাজতে শুকুৰবাৰে ঘোষণা কৰা হয় সাহিত্য অকাডেমীৰ 2020 বৰ্ষৰ বঁটাসমূহ ৷ সেই অনুসৰি বিশিষ্ট সাহিত্যিক ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ আগবঢ়োৱা হয় অসমীয়া ভাষাৰ সাহিত্য অকাডেমী বঁটা ৷ ‘বেংছতা’ শীৰ্ষক গল্প সংকলনৰ বাবে ডাঃ অপূৰ্ব কুমাৰ শইকীয়ালৈ আগবঢ়োৱা হৈছে এই সন্মান ৷ উল্লেখ্য যে, গুৱাহাটীৰ খানাপাৰাৰ নিবাসী ডাঃ অপূৰ্ব কুমাৰ শৰ্মা পেছাত গুৱাহাটীৰ ই এছ আই চি মডেল হাস্পতালৰ মুখ্য চিকিৎসা বিষয়া ৷ এগৰাকী সু-চিকিৎসক হিচাপে পৰিচিত ডাঃ শইকীয়া এগৰাকী সু-সাহিত্যিক হিচাপেও বিশেষভাৱে প্ৰসিদ্ধ ৷ সৰুৰ পৰাই সাহিত্য চৰ্চা কৰি অহা ডাঃ শইকীয়াৰ ইতিমধ্যে আঠখনকৈ গ্ৰন্থ প্ৰকাশ পাইছে ৷ তেওঁৰ দ্বাৰা ৰচিত আৰু ইতিমধ্যে প্ৰকাশিত গ্ৰন্থসমূহ হৈছে-ব্যৰ্থ নায়ক, বিষয়: প্ৰেমৰ সংবিধান, মাটি আখৰা, বজাৰত এদিন, লিংগমুক্ত পৃথিৱীৰ সাধু এটা, বেংছতা, অসমীয়া মানুহৰ জিন আৰু চ'তৰ উৰহী ৷ তেওঁ সম্পাদনা কৰা গ্ৰন্থ হৈছে দেশী-বিদেশী গল্প সম্ভাৰ ৷ দীৰ্ঘদিনৰ পৰা সাহিত্য চৰ্চাক সাধনা হিচাপে লৈ তেওঁ সৃষ্টিৰ সন্ধানত ব্ৰতী হৈ আছে ৷ বঁটা লাভৰ খবৰ পোৱাৰ পাছতে বিশেষভাৱে উৎফুল্লিত হৈ পৰিছে সাহিত্যিক গৰাকী ৷ ডাঃ শইকীয়াই 'ইটিভি'ৰ আগত প্ৰকাশ কৰিলে নিজৰ মনৰ অভিব্যক্তি ৷ আনহাতে, ধৰণীধৰ অৱাৰীলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছে বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা ৷ 'গঠেনাই লামায়াও গডান আগান’ নামৰ চুটি গল্পৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.