ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত নলবাৰীৰ যুৱতীৰ - Beti Bachao Beti Padhao
🎬 Watch Now: Feature Video
ইণ্ডিয়া বুক অৱ ৰেকৰ্ড (India Book of Record)ত নাম অন্তৰ্ভুক্তিৰে সুনাম কঢ়িয়াই আনিলে টিহুৰ সাগৰিকা গোস্বামীয়ে । টিহু হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক হেমন্ত কুমাৰ গোস্বামী আৰু অনামিকা গোস্বামীৰ কন্যা সাগৰিকাই ‘বেটী বচাও বেটী পঢ়াও’ (Beti Bachao Beti Padhao)ক উৎস হিচাপে লৈ "গাৰ্ল ইজ গ’ল্ড" (Girl is Gold)নামৰ চুটি ছবি নিৰ্মাণ কৰি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয় । মাত্ৰ ২১ বছৰ বয়সতে এখন চলচ্চিত্ৰৰ সকলো যাৱতীয় কাম-কাজৰ লগতে মুঠ ১১ টা চৰিত্ৰত অভিনয় কৰা বাবে সাগৰিকাই স্থান লাভ কৰিলে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড (India Book of Record)ত । ছুটি ছবিখনৰ কাহিনী, পৰিকল্পনা, পৰিচালনা, ভিডিঅ’গ্ৰাফী, এডিটিং, বেকগ্ৰাউণ্ড মিউজিক, কষ্টিউম ডিজাইনিং, ভইছ অভাৰ, আৰু কাষ্টিং সকলোখিনিয়ে কৰিছে সাগৰিকাই ৷