কৰিমগঞ্জত ২ কোটি টকাৰ কফ চিৰাপ জব্দ - গুৱাহাটী
🎬 Watch Now: Feature Video

কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীয়ে দেওবাৰে আগৰতলা অভিমুখী ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ নিচাজাতীয় কফ চিৰাপ জব্দ কৰে । চূড়াইবাৰী আৰক্ষীয়ে প্ৰায় 250 কাৰ্টন কফ চিৰাপ জব্দ কৰে ৷ চূড়াইবাৰী আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক মিন্টু শীলৰ তৎপৰতাত আৰক্ষীয়ে এই নিষিদ্ধ চিৰাপখিনি জব্দ কৰে ৷ গুৱাহাটীৰ পৰা WB 11F 0650 নম্বৰৰ ট্ৰাকৰে অনা হৈছিল চিৰাপখিনি | কফ চিৰাপখিনি আগৰতলাৰ হৈ বাংলাদেশলৈ লৈ যোৱাৰ সন্দেহ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীয়ে সম্প্ৰতি ট্ৰাকখনৰ চালক বাবলু পাণ্ডেক গ্ৰেপ্তাৰ কৰিছে । কফ চিৰাপৰ কাৰ্টনখিনিত প্ৰায় ৪০ হেজাৰ বটল আছিল ৷ জব্দ কৰা কফ চিৰাপখিনিৰ মূল্য প্ৰায় ২ কোটি টকা হ’ব বুলি সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে, গুৱাহাটীৰ পৰা চূড়াইবাৰী আহোতে বহুকেইখন আৰক্ষী থানাৰ লগতে আৰক্ষী অনুসন্ধান চকী পাৰ হ’ব লাগে ৷ কিন্তু ট্ৰাকখনে ইমানদূৰলৈকে কেনেকৈ বিনা বাধাত আহিল, সেয়া এক ডাঙৰ ৰহস্য ৷