ধলপুৰত ভংগ কৰা হৈছে উচ্ছেদিত শিশু তথা ছাত্ৰ-ছাত্ৰীৰ অধিকাৰ - ছিপাঝাৰৰ ধলপুৰ
🎬 Watch Now: Feature Video

ছিপাঝাৰৰ ধলপুৰত উচ্ছেদিত শিশু তথা ছাত্ৰ-ছাত্ৰী সকলৰ অধিকাৰ ভংগ হোৱাৰ অভিযোগ উত্থাপন কৰিছে এছ এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে ৷ ৰাজ্য চৰকাৰে শিশুৰ অধিকাৰ ভংগ কৰাৰ অভিযোগ তুলি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক শিশু অধিকাৰ আয়োগক নিজাববীয়াকৈ গোচৰ ৰুজু কৰিবৰ বাবে দাবী জনাইছে SFI ৰ অসম ৰাজ্যিক কমিটীয়ে ৷ এই বিষয়ত শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে SFI ৰ ৰাজ্যিক কমিটীৰ সম্পাদক নিৰংকুশ নাথে ৷