অ’এনজিচিৰ দুই কৰ্মচাৰীক উদ্ধাৰ

By

Published : Apr 24, 2021, 10:29 AM IST

thumbnail
নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰা হৈছে অ’এনজিচিত কৰ্মৰত অপহৃত দুই কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ৷ বিগত ২১ এপ্ৰিলৰ নিশাৰ পৰাই সন্ধানহীন হৈ আছিল অ'এনজিচিত কৰ্মৰত তিনি গৰাকী কৰ্মচাৰী ক্ৰমে- মোহিনী মোহন গগৈ, অলকেশ শইকীয়া আৰু ৰিতুল শইকীয়া ৷ শনিবাৰে আছাম ৰাইফলছে সেনাৰ সহযোগত নাগালেণ্ডৰ মন জিলাৰ পৰা উদ্ধাৰ কৰে অপহৃত অভিযন্তা মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক ৷ অপহৃত দুয়োগৰাকী অভিযন্তা সম্প্ৰতি আছাম ৰাইফলছৰ জিম্মাত আছে ৷ কিন্তু অপহৃত আনগৰাকী কৰ্মচাৰী ৰিতুল শইকীয়াৰ মুক্তিৰ সন্দৰ্ভত কোনো তথ্য লাভ কৰা নাই আৰক্ষীয়ে ৷ দুয়োগৰাকী কৰ্মচাৰীৰ মুক্তিৰ খবৰ লাভ কৰাৰ পিছত পৰিয়ালত বৈছে আনন্দৰ বন্যা ৷ অভিযন্তা মোহিনী মোহন গগৈৰ বাসগৃহৰ পৰা ইটিভি ভাৰতৰ সাংবাদিক অনন্ত স্মিথৰ এক প্ৰতিবেদন...

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.