ৰিপ’ৰ্ট কাৰ্ড: গোলাঘাট জিলাৰ 4 টা বিধানসভা সমষ্টিৰ সবিশেষ বিৱৰণ...

By

Published : Mar 14, 2021, 7:33 PM IST

thumbnail
গোলাঘাট জিলাৰ মুঠ সমষ্টি 4 টা আৰু মুঠ ভোটাৰ 7,38,308 গৰাকী ৷ সমষ্টিকেইটা ক্ৰমে বোকাখাত, সৰুপথাৰ, গোলাঘাট, খুমটাই ৷ বোকাখাত সমষ্টি আছে অগপৰ সভাপতি অতুল বৰাৰ দখলত ৷ সৰুপথাৰ সমষ্টি বৰ্তমান আছে কংগ্ৰেছ বিধায়িকা ৰ’জলীনা তিৰ্কীয়ে ৷ গোলাঘাট সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে অজন্তা নেওগে ৷ খুমটাই সমষ্টিক প্ৰতিনিধিত্ব কৰি আছে মৃণাল শইকীয়াই ৷ 2016 চনৰ নিৰ্বাচনত বোকাখাত সমষ্টিত অতুল বৰাই লাভ কৰিছিল 62,962 টা ভোট আৰু কংগ্ৰেছৰ অৰুণ ফুকনে লাভ কৰিছিল 22,709 টা ভোট ৷ সৰুপথাৰ সমষ্টিত ৰ’জলীনা তিৰ্কীয়ে লাভ কৰিছিল 67,150 টা ভোট আৰু বিজেপিৰ বিনোদ গোৱালাই লাভ কৰিছিল 64,223 টা ভোট ৷ গোলাঘাট সমষ্টিত অজন্তা নেওগে লাভ কৰিছিল 73,862 টা ভোট আৰু বিজেপিৰ বিতোপন শইকীয়াই লাভ কৰিছিল 68,649 টা ভোট ৷ খুমটাই সমষ্টিত মৃণাল শইকীয়াই লাভ কৰে 57,637 টা ভোট আৰু বিস্মিতা গগৈয়ে লাভ কৰে 40,763 টা ভোট ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.