খিলঞ্জীয়া লোকক সংস্থাপন দিব চৰকাৰে: মন্ত্ৰী যোগেন মহন
🎬 Watch Now: Feature Video
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বনাঞ্চলসমূহ বেদখল মুক্ত কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে ৰাজ্যৰ বহু অঞ্চলতে চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ এইবাৰ প্ৰশাসনৰ উচ্ছেদ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে ৷ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে যে, খিলঞ্জীয়া সকলো লোককে সংস্থাপন দিব ৰাজ্য চৰকাৰে ৷ লগতে তেওঁ কয় যে, চৰাইদেউ জিলাৰ কেইবাখনো বনাঞ্চলত ইতিমধ্যে জৰীপ কৰি থকা হৈছে ৷ চৰাইদেউ বন বিভাগে কোনে কিমান মাটি লৈ আছে তাৰ পৰীক্ষা-নিৰীক্ষা কৰি আছে ৷