বৰুৱা দম্পতীৰ হত্যাকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
🎬 Watch Now: Feature Video
ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা মহানগৰীৰ বেলতলাৰ নিবাসী আশী উৰ্ধৰ ননীগোপাল বৰুৱা দম্পতীৰ হত্যাকাণ্ডৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ আৰক্ষীয়ে এই হত্যাকাণ্ডৰ প্ৰাথমিক তদন্তত ভিত্তিত লাভ কৰা তথ্য অনুসৰি সম্প্ৰতি তদন্ত আগুৱাই নিয়াৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে ৷ উল্লেখ্য যে, শোৱাপাটীতে কোনো অচিনাক্ত দুৰ্বৃত্তই সপত্নীক হত্যা কৰিছিল ননীগোপাল বৰুৱা আৰু পত্নীক ৷ কৰ্মসূত্ৰে দুই কন্যা সন্তান ক্ৰমে বেংগালুৰু আৰু লণ্ডনৰ বাসিন্দা হোৱাৰ হেতু বৰুৱা দম্পতীয়ে দীৰ্ঘদিনে চাৰ্ভেস্থিত ঘৰত অকলশৰীয়াকৈ বসবাস কৰি আহিছিল ৷ ফৰেনছিক লেবৰেটৰীত বৰুৱা দম্পতীৰ বাসগৃহৰ সকলো দুৱাৰ আৰু অন্যান্য সামগ্ৰীত থকা আকাশ চৌধুৰীৰ আঙুলিৰ চাপ স্পষ্ট ৰূপত ধৰা পৰে ৷ আৰক্ষী আয়ুক্তয়ো উক্ত হত্যাকাণ্ডত কেয়াৰ টেকাৰ আকাশ চৌধুৰী জড়িত থকাৰ ইংগিত দিয়ে ৷