সুলভ মূল্যৰ চাউলৰ চোৰাং বেহা; বোকাখাতত এজনক গ্ৰেপ্তাৰ

By

Published : Oct 27, 2021, 10:49 PM IST

thumbnail
দৰিদ্ৰ ৰাইজক চৰকাৰে সুলভ মূল্যত চাউল যোগান ধৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি আহিছে যদিও একাংশ অসাধু ব্যৱসায়ীয়ে অব্যাহত ৰাখিছে চোৰাং বেহা । মঙলবাৰে নিশা বোকাখাত মহকুমা প্ৰশাসন আৰু আৰক্ষীয়ে অভিযান চলাই এজন ব্যৱসায়ীক আটক কৰে । গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলোৱা হয় আৰু দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে সন্দীপ চৌধুৰী নামৰ এজন সুলভ মূল্যৰ সামগ্ৰীৰ দোকানীক আটক কৰে । বোকাখাতৰ বৰজুৰিস্থিত বাসগৃহৰ পৰা নিশাই সন্দীপ চৌধুৰীক আটক কৰা হয় । ইয়াৰ পাছতে আৰক্ষীয়ে জেৰা চলায় আৰু তেওঁক গ্ৰেপ্তাৰ কৰে । দীৰ্ঘদিন ধৰি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি বিভিন্ন ভুৱা হিতাধিকাৰীৰ নামত চৰকাৰী চাউল আনি চোৰাং বজাৰত বিক্ৰী কৰিছিল চৌধুৰীয়ে । ব্যৱসায়ীজনৰ বিৰুদ্ধে 283/21 নম্বৰত ভাৰতীয় দণ্ডবিধিৰ 406 আৰু 420 নং ধাৰাৰ অধীনত গোচৰ ৰুজু কৰে আৰক্ষীয়ে । সুলভ মূল্যৰ দোকানত চলি থকা চোৰাং ব্যৱসায়ৰ সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতি গ্ৰহণ কৰাৰ কথা ঘোষণা কৰাৰ পিছতে তৎপৰ হৈ পৰে বোকাখাত মহকুমা প্ৰশাসন ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.