ৰঙিয়াত পৰম্পৰাগতভাৱে ভেলাঘৰ সজাৰ প্ৰস্তুতি - ভোগালী 2020

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 6, 2021, 12:00 PM IST

হেঁপাহৰ ভোগালী বিহুলৈ মাজতে মাথো কেইটামান দিন বাকী ৷ ঘৰে ঘৰে চলিছে পিঠা-পনাৰ প্ৰস্তুতি ৷ সমান্তৰালকৈ গাঁওসমূহতো চলিছে ভেলাঘৰ বা মঠ সজাৰ প্ৰস্তুতি ৷ সময়ৰ লগে লগে সলনি হৈছে ভেলাঘৰ সজাৰ পৰম্পৰা । আধুনিকতাই স্পৰ্শ কৰিছে ভেলাঘৰ সমূহত ৷ টাইটানিক, ৰংঘৰ, দুমহলীয়া অট্টালিকা আদি বিভিন্ন ৰূপত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেলাঘৰ সজা পৰিলক্ষিত হৈছে ৷ কিন্তু ভেলাঘৰৰ আছে এক স্বকীয়তা আৰু নিজস্ব আৰ্হি ৷ আধুনিকতাই ভেলাঘৰৰ মান কিছু কমালেও কিন্তু ইয়াৰ মাজতো ৰঙিয়াৰ খৈৰাবাৰীত ৰাইজে ধৰি ৰাখিছে পুৰণি ভেলাঘৰৰ পৰম্পৰা ৷ ভেলা সাজিবলৈ একেলগে ওলাই আহিছে গাঁওখনৰ ডেকা-বুঢ়া সকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.