thumbnail

কা' বিৰোধিতাৰে মহানগৰীৰ সচেতন নাগৰিকৰ প্ৰতিবাদ

By

Published : Dec 12, 2020, 11:11 PM IST

সংশোধিত নাগৰিকত্ব আইন 2019 বাতিলৰ দাবীত পুনৰ উত্তাল হৈছে ৰাজ্য ৷ ৰাজ্যৰ আন প্ৰান সমান্তৰালকৈ গুৱাহাটী মহানগৰীৰ ভিন্ন প্ৰান্তত অব্যাহত আছে কা' বিৰোধী প্ৰতিবাদ ৷ শনিবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে মহানগৰীৰ হাতীগাঁৱৰ লগতে দীঘলীপুখীৰৰ পাৰত প্ৰতিবাদ সাব্যস্ত কৰে সচেতন নাগৰিক আৰু ছাত্ৰ সমাজে ৷ গুৱাহাটী ৰ’টাৰী ক্লাৱত সাব্যস্ত কৰা এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, সোনেশ্বৰ নৰহ, মনজিৎ মহন্তৰ লগতে অৰ্ধ শতাধিক ছাত্ৰছাত্ৰী ৷ উল্লেখ্য যে, প্ৰথম অৱস্থাত প্ৰতিবাদীসকলে জোৰ সমদল কৰি আগবাঢ়িছিল যদিও আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এটা বৃহৎ দলে বাধা প্ৰদান কৰে ৷ লগতে প্ৰতিবাদীসকলে জোৰ সমদলৰ বাবে সামগ্ৰী কঢ়িয়াই অনা বাহন খনৰ লগতে সকলো সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে ৷ ইয়াৰ পিচতে অৱস্থান ধৰ্মঘট কৰি গীতে-মাতে প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদকাৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.