আইনীভাৱে নিষিদ্ধ তিনি তালাকৰ কবলত খোদ মহিলা অধিবক্তা - তিনি তালাক
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13091017-thumbnail-3x2-hhshs.jpg)
সমাজৰ পৰা তিনি তালাক নোহোৱা কৰিবলৈ কঠোৰ আইন প্ৰণয়ন কৰিছে যদিও সেই আইনক যেন কেৰেপ নকৰে একাংশ মুছলমান সম্প্ৰদায়ৰ লোকে । আইনগতভাৱে তিনি তালাক নিষিদ্ধ যদিও মৰাণৰ মুচফি চুলতান আহমেদ নামৰ এগৰাকী অধিবক্তাক তিনি তালাকৰ দ্বাৰা শিৱসাগৰ ধাই আলিৰ নিৱাসী স্বামী চৈয়দ ৱাহিদৰ লগতে স্বামী পৰিয়ালে সম্পৰ্ক বিচ্ছেদ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ ইয়াৰ লগতে স্বামী চৈয়দ ৱাহিদৰ পৰিয়ালে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী অধিবক্তা গৰাকীয়ে ৷ সমগ্ৰ ঘটনা সম্পৰ্কত ১ ছেপ্তেম্বৰ তাৰিখে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্ত অভিযুক্ত স্বামী আৰু তেওঁৰ পৰিয়ালৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে অধিবক্তা মুচফি চুলতান আহমেদে ৷