thumbnail

By

Published : Nov 8, 2021, 11:03 PM IST

ETV Bharat / Videos

ৰঙিয়াত থানাত এজাহাৰ দিবলৈ যোৱা লোকক গুলিয়াবলৈ খেদি গ’ল জোৱানে

ৰঙিয়া আৰক্ষী থানাত শনিবাৰে নিশা অভিযোগ দিবলৈ অহা এটা পৰিয়ালক গুলিয়াবলৈ খেদি যায় উন্মত্ত বেটালিয়নৰ জোৱানে । অচম্বিতে ঘটা ঘটনাটোৰ পিছতে আতংকিত হৈ পৰে থানাৰ চৌহদত থকা লোকৰ লগতে খোদ আৰক্ষীৰ জোৱানসকল । থানাৰ চৌহদত গুলিয়াবলৈ বন্দুক তুলি লোৱা কনিষ্টবলৰ ৰূদ্ৰমূৰ্তি দেখি অভিযোগ দিবলৈ যোৱা পৰিয়ালটোৱে আশ্ৰয় ল’বলগীয়া হয় থানাৰ ভিতৰত ৷ অৱশেষত থানাত উপস্থিত আৰক্ষীয়ে কোনোমতে আৱদ্ধ কৰিবলৈ সক্ষম হয় উন্মত্ত জোৱানজনক । জানিব পৰা মতে, জোৱানৰ নাম শান্তনু দাস । ঘটনা সংঘটিত হোৱাৰ সময়ত মাদক দ্ৰব্য সেৱন কৰি আছিল শান্তনু দাসে । আতংকিত পৰিয়ালটোৱে আৰক্ষীৰ কাষ চপাৰ পিছতে প্ৰশাসনে উন্মত্ত বেটেলিয়ানজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.