ৰঙিয়াৰ ডিমুত নিশা আৰক্ষীৰ অভিযান

By

Published : Jul 18, 2021, 2:09 PM IST

thumbnail
ৰঙিয়াৰ ডিমুত নিশা আৰক্ষীয়ে চলালে অভিযান । অভিযানত আৰক্ষীয়ে জব্দ কৰিলে শ শ বাইক । উল্লেখ্য যে, ক’ভিড নিৰ্দেশনা (covid SoP) ভংগ কৰি সান্ধ্যআইনৰ মাজতে শ শ বাইক আৰোহীয়ে অনাই বনাই ঘুৰি ফুৰিছে ৰঙিয়াৰ বিভিন্ন প্ৰান্তত । এনে সময়তে ডোৱক আৰক্ষী চকীয়ে ৰঙিয়াৰ ডিমুত অতৰ্কিতে অভিযান চলায় । আৰক্ষীৰ অভিযানত আটক হ’ল বাইক আৰোহী । ক’ভিড নীতি (covid protocol) ভংগ কৰা লোকসকলক ঘন্টা ঘন্টা ধৰি ডোৱক থানা চৌহদত ৰখাই থ’লে আৰক্ষীয়ে । ইয়াৰ লগতে সুযোগ বুজি বিনা কাৰণত ওলাই অহা লোকসকলক সকীয়নিও প্ৰদান কৰে আৰক্ষীয়ে । ইফালে, আইন অমান্য কৰা চাৰি চকীয়া বাহনৰ লগতে আৰু সকলো বাহনকে এহেজাৰ টকাকৈ জৰিমনা বিহিলে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.