বিশ্বনাথত আইন অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী - Bishwanath

🎬 Watch Now: Feature Video

thumbnail

By

Published : May 14, 2021, 9:44 AM IST

ক’ভিড-১৯ ক লৈ ৰাজ্য চৰকাৰে নতুন নিৰ্দেশনা জাৰি কৰাৰ পিছতেই এইবাৰ অধিক কঠোৰ হৈছে আৰক্ষী প্ৰশাসন । বৃহস্পতিবাৰৰ পৰা বলৱৎ হোৱা এই নতুন নিয়মক লৈ বিশ্বনাথ আৰক্ষীয়েও কঠোৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । দিনৰ দুই বজাৰ পিছত যান-বাহন চলাচলত যি বাধা প্ৰদান কৰা হৈছিল তাক লৈ সক্ৰিয় হৈছে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দিপুল কুমাৰ বড়ো । ইয়াৰ লগতে যি সকল ব্যক্তি বিনা কাৰণত নিয়ম উলংঘা কৰি ওলাই আহিছে তেওঁলোকক সোধ পোচ কৰাৰ লগতে নতুন নিয়মাৱলীৰ বিষয়ে বুজাই পঠিয়ায় । এনেদৰে যদি বিশ্বনাথবাসীয়ে আইন উলংঘা কৰে তেনেহলে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা ল’ব বুলিও জনায় আৰক্ষী বিষয়াগৰাকীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.