thumbnail

ৰাজ্যত ৫টকাকৈ হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

By

Published : Feb 13, 2021, 3:51 PM IST

Updated : Feb 13, 2021, 6:34 PM IST

ৰাজ্যত হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ শুকুৰবাৰে মাজনিশাৰে পৰা হ্ৰাস পায় পেট্ৰ’ল-ডিজেলৰ মূল্য ৷ ইপিনে, কৰ'ণাকালত অসম চৰকাৰে পেট্ৰ'ল-ডিজেলৰ মূল্যৰ ওপৰত লগোৱা অতিৰিক্ত কৰ শনিবাৰৰ পৰা উঠাই লোৱাৰ ফলত বৰ্তমান প্ৰতিলিটাৰ পেট্ৰ’ল-ডিজেলৰ মূল্য ৫টকাকৈ হ্ৰাস পায় ৷ উল্লেখ্য যে, শুকুৰবাৰৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাৰুৱা তেলৰ লগতে সুৰাৰ ক্ষেত্ৰতো আৰোপ হোৱা কৰ হ্ৰাস কৰাৰ কথা উল্লেখ কৰিছিল৷আনহাত,বৰ্তমান ৰাজ্যত পূৰ্বৰ দাম হ্ৰাস হৈ প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য হ’লগৈ ৮৫ টকা ৬০ পইচা আৰু প্ৰতি লিটাৰ ডিজেলৰ মূল্য হ’লগৈ ৭৫ টকা ৯৬ পইচা ৷
Last Updated : Feb 13, 2021, 6:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.