পৰশুৰাম কুণ্ডৰ পৱিত্ৰ স্নানৰ বাবে ভক্তৰ ভিৰ - মাঘী পূৰ্ণিমা
🎬 Watch Now: Feature Video
দেশজুৰি ভিন্ন ৰূপত পালন মকৰ সংক্ৰান্তি ৷ মাঘী পূৰ্ণিমাৰ এই পৱিত্ৰ ক্ষণত তীৰ্থস্থানসমূহত ভিৰ কৰে অগণণ ভক্তই ৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰশুৰাম কুণ্ডৰ পৱিত্ৰতাই আকৰ্ষণ কৰে দেশ-বিদেশৰ অলেখ ভক্তক ৷ মকৰ সংক্ৰান্তিৰ এই পৱিত্ৰ সময়ত পৰশুৰাম কুণ্ডলৈ সোঁত বৈছে বিশ্বৰ বিভিন্ন ঠাইৰ সাধু-ভক্ত তথা সন্তসকলৰ ৷ কথিত আছে যে মকৰ সংক্ৰান্তিৰ দিনটোত পৰশুৰাম কুণ্ডৰ পৱিত্ৰ পানীত পৱিত্ৰ স্নান পাপ খণ্ডন হয় সেইহেতুকে অইন বেলিৰ দৰে এইবেলিও সমাৱেশ ঘটিছে অগণণ ভক্তৰ ৷
উল্লেখ্য যে হিন্দু শাস্ত্ৰৰ লগতে কেইবাখনো পুৰাণত উল্লেখ আছে যে,পৰশুৰামে নিজ পিতৃ জনদগ্নীৰ আদেশ পালন কৰি মাতৃ ৰেণুকাক দেৱীক ভগৱান শিৱই পৰশুৰামক প্ৰদান কৰা কুঠাৰেৰে কাটি হত্যা কৰিছিল ৷ মাতৃ হত্যাৰ পিচত পৰশুৰামৰ হাতৰ পৰা কুঠাৰ এৰা নাছিল আৰু হিমালয়ৰ পাদদেশত দুটা পাহাৰৰ মাজত জমা হৈ থকা পানী উলিয়াই পঠাবলৈ পৰশুৰামে পানী আৱদ্ধ কৰি ৰখা এটা শিলত নিজ হাতৰ কুঠাৰেৰে কাটি বোৱাই দিছিল আৰু পৰশুৰামৰ হাতৰ কুঠাৰ এৰি পৰিছিল তেতিয়াৰে পৰা পৰশুৰামকুণ্ড ৰূপে জনাজাত হৈছিল অৰুণাচলৰ প্ৰদেশৰ এই কুণ্ড ৷ আনহাতে মাতৃ হত্যাৰ দৰে পাপ খণ্ডন হোৱা এই পৱিত্ৰ তীৰত প্ৰতি বছৰে মাঘ মাহৰ মকৰ সংক্ৰান্তিত স্নান কৰি নিজৰ পাপ খণ্ডন কৰিবলৈ হাজাৰ হাজাৰ লোক সমৱেত হৈ পৰে পৰশুৰাম কুণ্ডত ৷