বালিজুৰি কাজিৰঙাত সমূহীয়া মৎস্য চিকাৰৰে নৱবৰ্ষক আদৰণি

By

Published : Jan 2, 2022, 1:50 PM IST

thumbnail

1938 চনতে বৃটিছে নিৰ্মাণ কৰা কাজিৰঙাৰ বালিজুৰিস্থিত এটা গীৰ্জাত নৱবৰ্ষক আদৰাৰ মানসেৰে ভোজ-ভাতৰ আয়োজন কৰে স্থানীয় ৰাইজে (Villagers of Balijuri organised a feast to welcome new year) ৷ চাৰি-পাঁচখন গাঁৱৰ লোকে একেলগ হৈ মৎস্য চিকাৰ কৰি নতুন বছৰটিক আদৰণি জনায় ৷ (Community fishing by Balijuri people) মৎস্য চিকাৰৰ পিছত ৰাইজে সমবেত হৈ এসাঁজ লগে-ভাগে খোৱাৰ পৰম্পৰা অতীজৰে পৰাই চলি আহিছে এই বালিজুৰি অঞ্চলত (Tradition of eating in Balijuri Church in new year) ৷ যাক লৈ শনিবাৰৰ পুৱাৰে পৰা ব্যস্ত হৈ পৰে পুৰুষ-মহিলাসকল ৷ পুলিবাগান গোৱৰ পাহাৰৰ পৰা নামি অহা বালিজুৰিত পলহা, জাল, লাহনি, জাকৈ আদি সঁজুলিৰে ৰাইজে মাছ ধৰে(Community Fishing is a tradition in Balijuri) ৷ যান্ত্ৰিকতাৰ যুগত এনেদৰে চাৰি-পাঁচখন গাঁৱৰ লোকে সমবেত হৈ ভোজ-ভাত খোৱাটো আজিৰ সমাজৰ বাবে এক বিৰল নিদৰ্শন ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.