Thengal Kachari Autonomous Council election : তিতাবৰত শান্তিপূৰ্ণ ভোটগ্ৰহণ অব্যাহত

By

Published : Jan 20, 2022, 3:41 PM IST

thumbnail

বৃহস্পতিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্ৰহণ (Thengal Kachari Autonomous Council election) প্ৰক্ৰিয়া ৷ তিতাবৰৰ 10 টা সমষ্টিত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মহকুমাটোৰ দহটা সমষ্টিত পুৰুষ ভোটাৰৰ সংখ্যা হৈছে 24,067 গৰাকী আৰু মহিলা ভোটাৰৰ সংখ্যা হৈছে 23,890 গৰাকী ৷ সমষ্টিকেইটাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা 47,957 গৰাকী ৷ প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰসকলে ক'ভিডৰ নীতি নিৰ্দেশনা মানি ভোটদানৰ বাবে শাৰী পাতি অপেক্ষা কৰে ৷ ইয়াৰ লগতে যাতে, ভোটগ্ৰহণ প্ৰক্ৰিয়া সুকলমে সম্পন্ন হৈ যায়, তাৰ বাবে জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৷

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.