কোকৰাঝাৰত 21 টা ভূ-মাফিয়া আৰক্ষীৰ জালত - সুদীৰ্ঘ
🎬 Watch Now: Feature Video
সমগ্ৰ ৰাজ্যতে দপদপাই থকা মাটিৰ দালালৰাজক উৎখাত কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক নিৰ্দেশ দিয়াৰ পিছতে কোকৰাঝাৰ জিলাখনতো মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে আৰক্ষী ৷ কোকৰাঝাৰ আৰক্ষীয়ে মঙলবাৰে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই মণ্ডলসহ ২১ টা মাটিৰ দালালক আটক কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, কোকৰাঝাৰ জিলাৰ ৰাজহ চক্ৰ কাৰ্যালয়ত দৰিদ্ৰ লোকে নিজৰ পৈতৃক সম্পত্তি মাটি নামজাৰি কৰাৰ বাবদ বুজন ধনৰ উৎকোচ লোৱাৰ এক পৰম্পৰা সুদীৰ্ঘ বছৰ ধৰি চলাই আহিছিল দালাল চক্ৰটো ৷ সম্প্ৰতি কোকৰাঝাৰ সদৰ থানাত আটাইকেইজন মাটিৰ দালালক মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰে নাছিৰ আৰু ৰফিক নামৰ কেইবাজনো দালালৰূপী মণ্ডলো আৰক্ষীৰ জালত পৰিছে ৷